শিক্ষানবিচী

মাজে সময়ে সংশোধিত হৈ থকা ‘এপ্রেনটিচ এক্ট, ১৯৬১’ (Apprentice Act’ 2061) অনুসৰি প্রতিটো নিয়োজক (Employer) প্রতিষ্ঠানে প্রতি বছৰে এক নির্দিষ্ট সংখ্যক স্নাতক / টেকনিচিয়ান প্রশিক্ষার্থীক এবছৰৰ বাবে তেওঁলোকৰ প্রতিষ্ঠানত নির্দিষ্ট পাৰিতোষিকসহ প্রশিক্ষণ দিয়াটো বাধ্যতামূলক। এই বাধ্যতামূলক প্রয়োজনীয়তা পূৰণ কৰিবলৈ এ পি জি চি এল-ত 09.06.2014 তাৰিখৰ আদেশ নং - MD/APGCL/PLT/03/11/13 ৰ যোগেদি ১০ গৰাকী স্নাতক প্রশিক্ষার্থী আৰু ২৫ জন ডিপ্লমাপ্রাপ্ত (টেকনিচিয়ান) প্রশিক্ষার্থীক প্রশিক্ষণ দিবলৈ ব্যৱস্থা ৰখা হৈছে।

সেই নির্দেশ অনুসৰি তেতিয়াৰে পৰা এ পি জি চি এল-ত তেনে ধৰণে প্রশিক্ষণ দি অহা হৈছে। অৱশ্যে ২০২০ আৰু ২০৩১ চনত কোভিডসৃষ্ট লকডাউন পৰিস্থিতিৰ বাবে কোনো প্রশিক্ষার্থীক প্রশিক্ষণ দিব পৰা নগ’ল।

মন কৰিব : প্রতি বছৰে জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত এই সম্পর্কত আবেদন কৰিব পৰা যাব। আবেদন কৰাৰ ঠিকনা হ’ল - মুখ্য মহাপ্রবন্ধক (উৎপাদন) / মহাপ্রবন্ধক (মানৱ সম্পদ), অসম শক্তি উৎপাদন নিগম লিমিটেড, বিজুলী ভৱন, পল্টন বজাৰ, গুৱাহাটী-১। যোগ্য অভিযান্ত্রিক / ডিপ্ল’মাপ্রাপ্ত ছাত্র-ছাত্রীয়েহে এ পি জি চি এল-ৰ পৰৱর্তী বছৰৰ স্নাতক/ টেকনিচিয়ান প্রশিক্ষার্থী হ’বলৈ আবেদন কৰিব পাৰিব। মাজে মাজে সলনি হৈ থকা ‘এপ্রেনটিচ এক্ট, ১৯৬১’ৰ অধীনত প্রযোজ্য শিক্ষাগত অর্হতা, উপযুক্ত NATS ৰেজিষ্ট্রেছন ID আদি আবেদনৰ সৈতে জমা দিব লাগিব।

ক্ৰমিক নম্বৰ নাম ডাউনল’ড